আগন্তুক লোক সভা নিৰ্বাচনৰ ৰনাকৌশল নুৰ ইছলামৰ নেতৃত্বত শালমাৰা শালকাটাত অসম জন মৰ্চাৰ ৰাজহুৱা সভা

—————————————-
বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

৮ ফেব্ৰুৱাৰী:-

অসম জন মৰ্চাৰ দক্ষিণ শালমাৰা জিলা সভাপতি নুৰ ইছলামৰ নেতৃত্বত চলাকুৰা এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আব্দুছ ছামাদ আনছাৰিৰ সভাপতিত্বত নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা বজাৰ প্ৰাঙ্গণত কালি দিনৰ ২ বজাত প্ৰায় পাঁচ শতাধিকৰ অধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় অসম জন মৰ্চাৰ ৰাজহুৱা সভা। উক্ত সভাত উপস্থিত থাকে অসম জন মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰী, অসম জন মৰ্চাৰ হোজাই জিলা সভাপতি জাফৰ ইকবাল, জিলা সম্পাদক জামাল উদ্দিন, দৰং জিলা সভাপতি লোকমান আলী আৰু অন্যান্য কাৰ্যকৰ্তা সকল। সমুহ বিষয়ববীয়া সকলোক সম্বৰ্দ্ধনা জনাই শান্তি, ন্যায় আৰু একতা কৰাৰ লগতে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ খাতিৰত অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উন্নয়নৰ প্ৰচেষ্টা হাতত লোৱা দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে সভাখনৰ আৰম্ভ হয়। বৰ্তমান ৰাজ্যৰ চৌদিশে চলি থকা ৰাজনৈতিক পৰিস্থিতি আৰু অসমীয়া জাতিৰ NRCৰ সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কে আলোচনা আগবঢ়ায়। সভা খনৰ মুখ্য বক্তা তথা অসম জন মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰীৰ তেখেতেৰ ভাষনত কয় আগন্তুক লোক সভা নিৰ্বাচনৰ অসম জন মৰ্চাৰ ৰনাকৌশল আৰু ধুবুৰীৰ সাংসদ মৌলনা বদৰুদ্দিন আজমলক ওফৰাই ভাল নিষ্ঠাবান ব্যক্তিক সাংসদ বনাবলৈ ধুবুৰী জিলাবাসীক আহবান জনায়। তেওঁ ভাষন প্ৰসংগত উল্লেখ কৰি কয় যে আগন্তুক লোক সভা নিৰ্বাচনত অসম জন মৰ্চাই অসমৰ চৈধ্যটা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু ধুবুৰী লোক সভা সমষ্টিত অসম জন মৰ্চা দলৰ বাবে ভাল এজন ব্যক্তিক প্ৰাৰ্থিত্ব বাচনি কৰি দিবলৈ ৰাইজক আহ্বান জনায়। সভাপতি গৰাকীৰ ভাষনত সভায় উপস্থিত থকা সমুহ ৰাইজৰ লগতে পুলিচ প্ৰশাসনে আকৰ্ষিত হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *