আজমলক শ্রীৰামপুৰ প্রেছ ক্লাৱৰ তীব্র গৰিহনা।

শ্রীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ প্রতিবেদন:

27 ডিছেম্বৰ:

এ আই ইউ ডি এফৰ জিলা পৰিষদৰ নিৰ্বাচিত সদস্যসকলক সম্বৰ্দ্ধনা জনাবলৈ হাটশিঙিমাৰীত অনুষ্ঠিত দলটোৰ এখন সভাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত Etv ভাৰত নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ দক্ষিণ শালমাৰা মানকাচাৰৰ সাংবাদিক কবিৰ মণ্ডলক এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে সাংবাদিকজনক যি অশ্ৰাব্য গালি গালাজ পাৰি ৰাজহুৱাভাবে অপদস্থ কৰিলে ,এই ঘটনাক শ্ৰীৰামপুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্মাদক বিশ্বজিৎ চৌধুৰীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো ,লগতে অতি নিন্দনীয় আৰু দূৰ্ভাগ্যজনক এই ঘটনাটোৰ মূল জগৰীয়া সাংসদ বদৰুদ্দিন আজমলৰ ওপৰত অতিশ্ৰীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি
দাবী জনাইছো ৷

Leave a Reply

Your email address will not be published. Required fields are marked *