আজি বিহালী বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এখন কাৰ্যকৰী সভা বিহালী কেটেলা আই বিত অনুষ্ঠিত হয়।

বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপর্ট :

05 নৱেম্বৰ :

সভাত সভাপতিত্ব কৰে বিহালী বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰাই। সভাৰ আৰম্ভণিতে ধলা শদিয়াত যি পাঁচ জন নিৰীহ মানুহ আঁততায়ীৰ হাতত মৃত্যু হল, তেওঁলোকৰ মৃত্যুত এক মিনিট সময় মৌনতা অৱলম্বন কৰি তেখেত অসমৰ সকলো দল সংগঠনলৈ পৰুচনামূলক বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই তেখেতে আকৌ কয় বিহালীটো এক বিভেদকামী শক্তিয়ে অসমীয়া আৰু বাঙালীৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰি আছে। সভাত আগুণটোক পঞ্চায়ত নিৰ্বাচনত যুৱ কংগ্ৰেছৰ ভূমিকা আৰু কৰ্তব্যৰ বিষয়ৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয় আৰু কংগ্ৰেছ দলৰ যি লোকসম্পৰ্ক অভিযান চলি আছে তাৰ এক সমীক্ষা কৰি এই অভিযান আৰু শক্তিশালী কৰাৰ মানষেৰে নতুন সদস্য নিয়োগ কৰি দায়িত্ব অৰ্পণ কৰা হয়। সভাত বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতম, বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সম্পাদক ইনামূল হুছেইন, বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নোৱাৰে ইছলাম উপস্থিত থাকি বক্তব্য আগবঢ়াই। নিমন্ত্ৰিত অতিথি হিচাবে বক্তব্য আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ও মুখপাত্ৰ তুষাৰ বৰাই। বিহালী বিধান সভা সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ পৰা অহা যুৱ কংগ্ৰেছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *