আজি মহামায়া দেৱী দূর্গাৰ বিজয় দশমী

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট :

19 অক্টোবৰ :

সমগ্র দেশৰ লগতে নাৰায়নপুৰৰ বিভিন্ন ঠাইত উদযাপন কৰা দুৰ্গা পূজা ভাগি আজি বিয়লি পুৰুহিত সকলে সম্পূৰ্ণ নীতি নিয়মৰে পুজাৰ কাম সমাপ্ত কৰাৰ পাছত ভক্ত সকলে সমদলৰে দেৱী দূর্গাৰ প্ৰতিমূৰ্তি লৈ নদীৰ বুকুত বিসৰ্জন দিয়া পৰিলক্ষিত হয় । বিশেষকৈ ঐতিহাসিক মৰিডিক্ৰং পুজা সমিতিয়েশআয়োজন কৰা এই পুজাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণৰে একপ্ৰকাৰ অঞ্চলটো উৎসৱ মুখৰ হৈ পৰে । ১৯৪১ চনৰে পৰা ধাৰাবাহিক ভাৱে মৰিডিক্ৰং নদীৰ পাৰত উদযাপন কৰি অহা পুজাত অঞ্চলটোৰ বিভিন্ন ধৰ্মাৱলম্বী লোক সকলে অংশগ্ৰহণ কৰি অহা পৰিপেক্ষিতত উদযাপন সমিতি ধন্য হৈ পৰে ।উল্লেখযোগ্য যে আজি দেৱী দূর্গাৰ বিসৰ্জনৰ মুহূৰ্তত সহস্ৰাধিক লোকে এক বৃহৎ সমদলৰে অংশগ্ৰহণ কৰি নাৰায়নপুৰৰ আকাশ-বতাহ কপাই তোলে ।
নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Leave a Reply

Your email address will not be published. Required fields are marked *