আদৰ্শ মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয় আৰু গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত গুণ উৎসৱ পৰীক্ষা সম্পন্ন।।

দেৰগাঁওৰ পৰা আকিব আহমেদৰ প্ৰতিবেদন দ্যা নৰ্থ ইষ্ট নেটৱৰ্ক ,

৩ নৱেম্বৰ :

গোলাঘাট জিলাৰ ঢেকীয়াল কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অন্তৰ্গত দেৰগাঁও কুৰিঘৰীয়া আদৰ্শ মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিৰ্ণয়ৰ পৰীক্ষা গুণ উৎসৱ সম্পন্ন হয়। আদৰ্শ মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাহাবুতদ্দিন আহমেদে কয় যে গুণ উৎসৱে শিক্ষাৰ মানদণ্ড আৰু শিক্ষকৰ শিক্ষাদানৰ পদ্ধতি উন্নতি ঘটাইছে,আৰু তেখেতে চৰকাৰৰ এই পদক্ষেপ আদৰণি জনাইছে ।পৰ্য্যবেশক হিচাপে উপস্থিত থাকে কমাৰবন্ধা কলেজৰ প্ৰবক্তা নিতু বৰুৱা ।তেখেতে কয় যে বিদ্যালয়ৰ পৰিস্কাৰ পৰিচন্নতা আৰু বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ৰাইজৰ উপস্থিতিত তেখেত আনন্দিত হৈছে বুলি মন্তব্য কৰে ।আৰু Nodel Teacherৰ দায়িত্বত থাকে বিজ্ঞান বিভাগৰ শিক্ষক জেহিৰুল হক ।ইয়াৰ সমান্তৰালকৈ গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত গুণ উৎসৱ সম্পন্ন হয়।পৰ্য্যবেশক হিচাপে উপস্থিতত থাকে কমাৰবন্ধা কলেজৰ ৰুমী ভৰালী ।Nodel Teacherৰ দায়িত্বত থাকে বিদ্যালয়ৰ শিক্ষক চুৰেন দাস।। গোহাঁইমেৰ মণ্ডলৰ CRCC ম:ছফিকুল হুছেইন দুই খন বিদ্যালয়ত উপস্থিতি থাকি তেখেতৰ দায়িত্ব সুচাৰুপে সম্পন্ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *