আন্তগাঠনিক লৈ গুনোৎসৱৰ ফলাফলত শংকিত ননহয় নাৰায়নপুৰ বাপুজী প্ৰাথমিক বিদ্যালয় ।

নাৰায়ণ পুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট :

01 নৱেম্বৰ :

–আন্তগাঠনিক লৈ গুনোৎসৱৰ ফলাফলত শংকিত নহয় লখিমপুৰ জিলাৰ নাৰায়নপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৰাইডঙিয়া বাপুজী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে । বৃহত্তৰ ৰাইডঙিয়া অঞ্চলত ১৯৮৪ চনতে স্থাপন কৰা বাপুজী প্ৰাথমিক বিদ্যালয়ত আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহাৰ্য নোপোৱা লগতে বিদ্যালয় গৃহটিও এটি সৰু বাহৰ ঘৰতে পাঠদান কৰি আহিছে সুদীৰ্ঘ দিনে । প্ৰতি বছৰে বিদ্যালয় খনৰ পৰা ভাল ফলাফল লাভ কৰি অহা শিক্ষক সকলে আগন্তুক গুনোৎসৱৰ বাবে সম্পূৰ্ণ প্ৰস্তুত বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে বিদ্যালয় গৃহ ভাগ নিৰ্মাণ কৰি দিলে ছাত্ৰ-ছাত্ৰী সকলে বিশেষ উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে ।
নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট, The North East Network Assam

Leave a Reply

Your email address will not be published. Required fields are marked *