“আমাৰ গাও আমাৰ আচনি” 27 নং মলাখোৱা গাও পঞ্চায়তৰ গাওঁসভাঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ২২ ডিচেম্বৰঃ-

দঃশালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৭ নং মলাখোৱা গাওঁ পঞ্চায়তৰ আজি দুপৰীয়া ১২ বজাত মলাখোৱা কমিউনিটি হল প্ৰাঙ্গনত এখন গাওঁসভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনত সভাপতিত্ব কৰে মলাখোৱা গাওঁ পঞ্চায়তৰ অ গ প দলৰ পৰা নৱ নিৰ্বাচিত সভানেত্ৰী ৰঞ্জিমা বেগমে ৷ আমাৰ গাওঁ আমাৰ আচঁনি সম্পৰ্কে মলাখোৱা গাওঁ পঞ্চায়তৰ সম্পাদক তথা সচিব খাইৰুজ্জামান সেখে বিস্তাৰিত ভাবে আলোচনা কৰে ৷ আমাৰ গাওঁ আমাৰ আচঁনি উপলক্ষে এম জি এনৰেগা আচঁনিৰ কাম পঞ্চায়ত প্ৰতিনিধি সকলোৰ লগতে পঞ্চায়ত বাসী ৰাইজে আবেদন কৰে ৷ উক্ত গাওঁ সভাত নৱ নিৰ্বাচিত কাউন্সিলৰ সাজেদা বেগমৰ লগতে নৱ নিৰ্বাচিত পঞ্চায়ত সদস্য/সদস্যা আৰু কমেও ছয় শতাধিক ৰাইজে উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *