উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদ (চমুকৈ নামেব)ৰ ২য় বাৰ্ষিক অধিবেশনখনি বিশ্বনাথ চাৰিআলিৰ কুমলীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হয়।

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ
16 ফেব্রুৱাৰীঃ

আজি ইং ১৬-০২-২০১৯ তাৰিখ শণিবাৰে উত্তৰ অসম মাদ্ৰাছা পৰীক্ষা পৰিষদ (চমুকৈ নামেব)ৰ ২য় বাৰ্ষিক অধিবেশনখনি বিশ্বনাথ চাৰিআলিৰ কুমলীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছা প্ৰাঙ্গনত অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে পৰিষদৰ সন্মানীয় উপসভাপতি এছ বি আৰবী মহাবিদ্যালয়ৰ অধ্যক্ষ আলহাজ মৌলানা নিজাম উদ্দিন আহমেদ চাহাবে। সভাত নামেবৰ উপদেষ্টাদ্বয় ইছলামপুৰ ব্লক ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল আজিজ ফৰাজী,নুৰপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা আব্দুল বাৰী চাহাব , নামেবৰ সদস্য সচিব ম: জাবেদুৰ ৰহমান চাহাবৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ বিষয়ববীয়া আৰু প্ৰতিনিধিবৰ্গও উপস্হিত থাকে। সভাত নামেবৰ অন্তৰ্গত শিক্ষা নুষ্ঠানৰ দুগৰাকী সতীৰ্থ শিক্ষক কৰ্মচাৰীৰ অকাল বিয়োগত তেখেতসকলৰ ৰূহৰ মাগফিৰাতৰ বাবে মোনাজাত কৰে লক্ষীমপুৰ জিলাৰ ফতেহপুৰ ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষক মৌলানা মনজুৰ আহমেদ চাহাবে।সভাত যোৱা ১৪-০২-২০১৯ ইং তাৰিখে পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ পোলৱামাত সংঘটিত কৰা বৰ্বৰ আত্মঘাতী বোমা (Car Bomb) বিস্ফোৰণত শ্বহীদ হোৱা ভাৰতীয় বীৰ সৈনিক সকলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে এক শোক প্ৰস্তাব গ্ৰহণ কৰে আৰু এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
সভাত নামেবৰ সদস্য সচিব জাবেদুৰ ৰহমানে সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু অনুমোদনৰ অন্তত হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু অনুমোদন কৰা হয়।
আজিৰ সভাত পুৰনা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। নতুন সমিতিৰ বিষয়ববীয়াসকল ক্ৰমে
উপদেষ্টা :১) মৌলানা আব্দুল আজিজ ফৰাজী
২) মৌলানা আব্দুল বাৰী
৩) মৌলানা আবুল কালাম আজাদ
সভাপতি : আলহাজ মৌলানা নিজামউদ্দিন আহমেদ
উপ সভাপতি :১) মৌলানা ছালেহ আহমেদ
২)মৌলানা মাইনুল ইছলাম খান ।
সদস্য সচিব : ম:জাবেদুৰ ৰহমান।
মৌলানা মনজুৰ আহমেদ
সহকাৰী সম্পাদক : ম:নুৰ হুছেইন
ছিকিন্দৰ আলি
জিলা সম্পাদকসকল:
১)ম: আব্দুল হামিদ(লক্ষীমপুৰ)
২)মৌলবী নাজিৰ আহমেদ(বিশ্বনাথ )
৩)ম:আলাল উদ্দিন
সদস্যসকল:
১)ম: জহিৰুল হক(লক্ষীমপুৰ)
২)ম:হবিবুৰ ৰহমান(লক্ষীমপুৰ)
৩)ম:আনছাৰ উল্লাহ আহমেদ
(লক্ষীমপুৰ)
৩)ম:ছহিবুৰ ৰহমান(বিশ্বনাথ )
৪)ম:গোমেদ আলি(শোণিতপুৰ )
৫)ম: স্বৌকত খান (শোণিতপুৰ )
৬)মৌলানা আব্দুল বাৰী(বিশ্বনাথ )

Leave a Reply

Your email address will not be published. Required fields are marked *