ওদালগুৰিত এক বিশাল গণসমাৱেশ :আমছুৰ

ৰৌতাৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ

10 ফেব্রুৱাৰীঃ

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা জাতীয় বিদ্যালয় প্ৰাংগণত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ওদালগুৰি জিলা সমিতিৰ ষষ্ট দ্বি বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন খন।উক্ত অধিবেশনত আজি সংগঠনটিৰ পতাকাৰ লগতে আমছুৰ বীৰ বীৰংগনাক শ্মৰণ কৰি শ্বহীদ বেদী আনুষ্টানিক বাবে শুভাৰম্ভ কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।অধিবেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত আকস্মিক বক্তৃতা, কুইজ,চিত্ৰাংকন আৰু নৃত্য প্ৰতিযোগিতাৰ লগতে বৃক্ষৰোপন কৰে লাইলংপাৰা হাইস্কুলৰ বড়ো মাধ্যমৰ শিক্ষক ছান্দ মিঞাই। খেল ধেমালী কাৰ্যসূচীত অংশ গ্ৰহন কৰে ৩০খনৰ অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল।উক্ত অনুষ্টানত ঝাৰগাওঁ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে পেৰেড দেখুৱাই ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *