ওদালগুৰিত এঘণ্টাীয়া পথ অৱৰোধ:ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ

29 জানুৱাৰীঃ

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ৰৌতা চাৰি আলিৰ মাজমজিয়াত ১৫নং ৰাষ্টীয় ঘাইপথত ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ আহ্বানত দিনৰ ১২বজাত এঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।উল্লেখ্য যে গনতান্ত্ৰিক বাবে আন্দোলন কৰা প্ৰতিবাদ কাৰীৰ ওপৰত বিজেপিৰ গোণ্ডাবাহিনীয়ে বৰ্বৰতাৰে কৰা আক্ৰমণ, পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত গৃহবিভাগ সম্পূৰ্ণ বাবে ব্যৰ্থ হোৱা আৰু নাগৰিকত্ব বিধেয়ক ২০১৬বাতিলৰ প্ৰতিবাদত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ।ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা কাৰ্যসূচীত আছুৰ তিনি শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ সৰ্বানন্দ সোনোৱাল গবেক,ৰঞ্জিত দাস হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,আছু জিন্দাবাদ, সৰ্বানন্দ জাতিদ্ৰোহী নায়ক,বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লগানেৰে উত্তাল কৰি তোলে ১৫নং ৰাষ্টীয় ঘাইপথ।এঘন্টা জোৰা পথ অৱৰোধত ১৫নং ৰাষ্টীয় ঘাইপথত গাড়ীৰ চলাচল নিস্তব্ধ হোৱাৰ লগতে সেনাবাহিনীৰ গাড়ীও আবদ্ধ কৰি ৰখা পৰিলক্ষিত হয়।ওদালগুৰি জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে বিজেপি চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ প্ৰকাশ কৰে যে বিজেপি চৰকাৰ অসমৰ জাতিদ্ৰোহী চৰকাৰ, সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী মূখ্যমন্ত্ৰী ।আছুৰ কৰ্মীক বিজেপিৰ গোণ্ডাবাহিনীয়ে বৰ্বৰ বাবে থানাৰ ভিতৰত আক্ৰমণ কৰাৰ পাছতো জাতিদ্ৰোহী মুখ্যমন্ত্ৰী মৌন হৈ আছে।নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল আৰু আছু কৰ্মীক নিৰ্মম ভাৱে আক্ৰমণ কৰা বিজেপিৰ গোণ্ডাবাহিনী অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে অসম চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।আছু কেতিয়াও ১৯৭১চনৰ ২৫মাৰ্চৰ পিছত অহা হিন্দু মুছলমান কোনো বাংলাদেশীৰ ক্ষেত্ৰত আপোচ নকৰে লগতে সৰ্বানন্দক দিয়া জাতীয় নায়ক উপাধি খাৰিজ কৰে বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *