ওদালগুৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদল ২৮টা জনগোষ্ঠীয় সংগঠনৰ ।

ওদালগুৰীৰ পৰা ছমৰ আলীৰ ৰিপর্ট :

11 নৱেম্বৰ :

আজি ওদালগুৰি জিলাৰ ওদালগুৰি চহৰত সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ২৮টা জনগোষ্ঠীয় সংগঠনে হাতে হাতে প্লেকাৰ্ড লৈ অগনণ প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়,নাগৰিকত্ব সংশোধনী ২০১৬ বাতিল কৰক,জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়,এই জুই জ্বলিছে জ্বলিবই আদি শ্লগানেৰে উত্তাল প্ৰতিবাদেৰে আকাশ বতাহ কপাই তোলে ওদালগুৰি চহৰত।প্ৰাপ্ত তথ্যমতে স্থানীয় দুৰ্গা পূজা মণ্ডপৰ পৰা সমদল আৰম্ভ কৰি ওদালগুৰি চহৰৰ মাজেৰে গৈ বিষ্ণু ৰাভা কৃষ্টি সংঘত সামৰণি মাৰে।উক্ত প্ৰতিবাদস্থলীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ সহ: সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক বিতোপন দাস আৰু জিলা সভাপতি প্ৰাঞ্জল পাটোৱাৰী ।

Leave a Reply

Your email address will not be published. Required fields are marked *