ওদালগুৰি জিলাৰ হৰিশিঙাত দুজন আলফা স্বাধীনৰ গ্ৰাউণ্ড সদস্যক আটক ।

ৰৌতাৰ পৰা ছমৰ আলীৰ ৰিপর্ট :

05 নৱেম্বৰ :

ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত বৰঙাবাৰীত গোপন খবৰৰ ভিত্তিত
ভাৰতীয় সেনাই অভিযান চলাই দুজনকৈ আলফা স্বাধীনৰ অভাৰ গ্ৰাউণ্ড সদস্যক আটক কৰিব সক্ষম হয়। আটককাধীন সদস্য দুজন হল বলেন ডেকা আৰু ডিম্বেশ্বৰ ডেকা। আজি ভাৰতীয় সেনাই আটকাধীন আলফাৰ অভাৰ গ্ৰাউণ্ড সদস্য দুজনক হৰিশিঙা আৰক্ষীক হস্তান্তৰ কৰে । তাৰ পিছতে হৰিশিঙা আৰক্ষীয়ে ৪৬/১৮ নম্বৰত এটা গোছৰ পঞ্জীয়ণ কৰি ধাৰা 10/13 UA(P) ৰ অধীনত গ্ৰেপ্তাৰ কৰে সদস্য দুজনক। ইয়াৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় সদস্য দুজনক। আদালতত হৰিশিঙা আৰক্ষীয়ে সদস্য দুজনক ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ২ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ধৃত সদস্য দুজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *