কবিতা মাতৃভূমি । যাৰ কোনো মৰম নাই তেও, নিজৰ মাতৃভূমিক চিনি নাপায়।

মাতৃভূমি ।

যাৰ কোনো মৰম নাই তেও,
নিজৰ মাতৃভূমিক চিনি নাপায়।
যাৰ কোনো জ্ঞান নাই তেও,
ভাল কি বুজি নাপায় ।
যাৰ কোনো আশা নাই তেও ,
কামক ভাল নাপায় ।
যি জনে নিজৰ মাতৃ ভূমিক লৈ
গৌৰৱ কৰিব নোৱাৰে ,
তেও সন্মানক বুজি নাপায় ।
সোণালী ৰাজ্যত মেলিলো চকু ,
ইয়াতেই যেন মৰো ।
অসম ৰাজ্যৰ ধূলিৰ লগত ,
মিহলি হৈ যেন থাকো ।
অসম আমাৰ সোণালী ৰাজ্য ,
আশাৰে ভৰপূৰ প্রদেশ ।
যি দৰে আছিল সেই দৰে থাকিব ,
এইখন নহয় কাৰো প্রদেশ ।
অসম ৰাজ্যৰ সোণৰ মাটি ,
নিব নোৱাৰে বান্ধি ,
অসম ৰাজ্যৰ মানৱ জাতি ,
সকলোৰে নগৰী ।
অসম ৰাজ্যৰ ৰূপৰ পানী ,
মিঠা মিঠা সুৱাদি ।
অসম ৰাজ্যৰ ধূনীয়া পথাৰ ,
পক্ষীৰ শুৱলা মাত ,
অসম ৰাজ্যৰ মানৱ জাতিৰ ,
সুৰীয়া মাত ।
অসম ৰাজ্যৰ ঠাণ্ডা বতাহ ,
লাহে লাহে বৈ ।
ঠাণ্ডা বতাহ গাত লাগিলে ,
মন শীতল হয় ।

লেখিকা। :মিছ :ৰাছিদা খাতুন ।
বিদ্যালয়ৰ নাম : কুমলীয়া প্রিছিনিয়ৰ এম ই মাদ্রাছা ।
শ্রেণী : অষ্টমমান ।

জিলা : বিশ্বনাথ ।
ডাক : পানীভৰাল ।
বিদ্র: লেখিকা এজনী ছাত্রী । অতি দুখীয়া ঘৰৰ ছোৱালী ।

Leave a Reply

Your email address will not be published. Required fields are marked *