কবিতা লৌহ মানৱ বল্লভ ভাই পেটেল

দৃঢ়মনা কষ্টসহিষ্ণু তুমিয়েই প্রথম ভাই,
তোমাৰ অবিহনে একতাবাদী,
নেতা যে কোনো নাই ।
বিশাল দেশক ভিন ভিন ধর্মক,
কৰিলা একেই ৰং,
সকলো জাতিক দেশৰ ভূমিত
আনি দিলা কিৰণ।
বৃটিছ শত্রুৱে কৃষকৰ মাটি,
কৰিছিল যে জব্দ,
তোমাৰ সাহসেই শত্রুৰ কামক
কৰিলে যে বন্ধ ।
গুজৰাটত দেখিলা পোহৰ ,
লগতে আনিলা ঐক্য,
সৰু কালত সমনীয়াই সাধাৰণ বুলি,
কৰিছিল যে গণ্য।
আধুনিক ভাৰতৰ খনিকৰ
তুমিয়েই ভাই,
দেশৰ বন্ধুক দেখাই দিয়া
নীৰৱ শান্তিৰ ঠাই।
তোমাৰেই প্রিয় ব্ন্ধু
গান্ধীজী পিতা,
কি ভাৱি কৰিছিলা তেওঁক,
ইমান শ্রদ্ধা ।
পিতাৰ হত্যাৰ পিছত
কিয় হৈছিলা অসুস্থ ?
হৃদ ৰোগত ভৰি দি
হৈ ছিলা যে আক্রান্ত।
কৃষক পিতাৰ ঘৰত
জন্মিলা যে তুমি,
পথাৰত কাম কৰি,
দেউতাক সহায় কৰিছিলা তুমি।
সহজ পৰিৱেশত দীঘল হৈ,
আনি দিলা নতুন জীৱনৰ ভেটি,
দৰিদ্র জনতাৰ প্রতি তোমাৰ,
শ্রেষ্ঠ সহানুভূতি ।

লেখিকা
ৰাছিদা খাতুন
শ্রেণী অষ্টমমান
কুমলীয়া প্রিছিনিয়ৰ এম ই মাদ্রাছা
জিলা। বিশ্বনাথ

Leave a Reply

Your email address will not be published. Required fields are marked *