কবিতা *আমি মিঞা* *অসমৰ মিঞা* *বাস কৰো আমি চৰ-চাপৰিত*,

*আমি মিঞা*
__________

*আমি মিঞা*
*অসমৰ মিঞা*
*বাস কৰো আমি চৰ-চাপৰিত*,
*কৰ্ম আমাৰ কৃষি*
*উৎপাদন কৰো* নানা শস্য
খোৱাও অসমৰ জনতাক
ভাষা আমাৰ অসমীয়া,
হয় আমি *মিঞা*
অসমৰ মিঞা অসমীয়া ||

আমি পঢ়া শুনা কৰো মাধ্যম আমাৰ অসমীয়া,
জীয়াই ৰাখিবৰ চেষ্টা
অসমৰ ভাষা-সংস্কৃতি,
তথাপিও কিছুমানে কয় আমাক বিদেশী-
বাংলাদেশী মিঞা,
হয় আমি মিঞা
অসমৰ মিঞা অসমীয়া ||

কোনোবাই কয় আমি বোলে বংগমূলীয়,
কোনোবাই কয় পমোৱা মোছলমান,
আন কোনোবাই কয় আমি মিঞা মুছলমান,
হয় আমি মিঞা,
অসমৰ অসমীয়া মুছলমান||

বহুতেই আমাক ঘৃণাৰ চকুৰে চাই,
কাৰণ উপাধি আমাৰ ইছলাম, আলি, আহমেদ, ৰহমান…
সম্প্ৰদায় আমাৰ মুছলমান,
ধৰ্ম আমাৰ ইছলাম,
সিহতঁৰ বাবে অস্পৃশ্যতা মিঞা,
হয় আমি মিঞা
অসমৰ মিঞা অসমীয়া ||

যদিও আমাৰ ধৰ্ম ইছলাম
সম্প্ৰদায় মুছলমান,
পৰিচয় দিব নালাগে আমাৰ,
ইতিহাস লুটিয়ালে পায়,
জাতীয়তা আমাৰ অসমীয়া,
হাড়ে হিমজুৱে আমি অসমীয়া,
কাৰণ আমি মিঞা,
অসমৰ মিঞা অসমীয়া ||

লিখক🖋
*মহিবুল ইছলাম*
চতিয়া,বিশ্বনাথ,অসম
দূৰাভাষঃ ৯৪০১৪২৯৭২৩
৮৬৩৮৭১১৩০৬
তাং ১১/১১/২০১৮

Leave a Reply

Your email address will not be published. Required fields are marked *