কাজাইকাটা (বালাৰগুদামত) আজি ফাইনাল হাডুডু খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় বছিৰ চৰ বনাম গোৱালেৰ চৰ ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট; 20অক্টোৱৰ: ধুবুৰী জিলাৰ মহকুমাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনত থকা কাজাইকাটা(বালাৰ গুদামত) ফাইনাল হাডুডু খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় বচিৰ চৰ বনাম গোৱালেৰ চৰ( নয়াপাৰা)ইয়াৰে বচিৰ চৰৰ হাডুডু খেলৰ দলটোৱে গোৱালেৰ চৰ (নয়াপাৰা) দলটোক পৰাজিত কৰি বচিৰ চৰ দলটোৱে প্ৰথম স্হান অধিকাৰ কৰি প্ৰথম পুৰুষ্কাৰ 14 ইঞ্চি কালাৰ টিভি লাভ কৰে আৰু গোৱালেৰ চৰ ( নয়াপাৰা) হাডুডু খেলৰ দলটোৱে দ্বিতীয় স্থান অধিকাৰ কৰি শ্বোকেচ লাভ কৰে। উক্ত খেল প্ৰতিযোগিতাত আমন্ত্ৰিত ব্যক্তি হিচাবে উপস্থিত থাকে নায়েৰ আলগা ব্লক কংগ্ৰেছৰ কমিটিৰ সভাপতি তয়জাল হক,কাজাইকাটা সমবয় সমিতিৰ চেয়াৰমেন শ্বেখ আবুল হাশেম, এ আই ইউ ডি এফ দলৰ তথা নায়েৰ আলগা জিলা পৰিষদৰ প্ৰত্যাশী প্ৰাৰ্থী মছলিম উদ্দিন আহমেদ, কংগ্ৰেছ দলৰ নায়েৰ আলগা জিলা পৰিষদৰ প্ৰত্যাশী প্ৰাৰ্থী আবুশামা শ্বেখ, শগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আতোৱাৰ ৰহমান, অসম গন পৰিষদ দলৰ সমষ্টি কমিটি আব্দুছ ছালাম,নায়েৰ আলগা কংগ্ৰেছৰ সেৱা দলৰ চেয়াৰমেন আব্দুল আউৱাল, এডভকেট চানবাহাদুৰ মোল্লা আদিকে ধৰি আৰু গন্য মান্য ব্যক্তি খেল প্ৰতিযোগিতা খনত উপস্থিত থাকে।ফাইনাল খেল খনত প্ৰায় পাঁচ হেজাৰো অধিক সংখ্যক লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *