কানাইমাৰাত MGNREGA আচনিৰ অধীনত এগ্ৰেল বান্ধৰ আধাৰশিলাৰ উদ্বোধন কৰি কামৰ শুভাৰম্ভ কৰে সভাপতি ছপিয়ৰ ৰহমানে।

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

২৯ ডিচেম্বৰ ঃ

দঃশালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশ
িঙিমাৰীৰ পৰা প্ৰায় চাৰি কিঃমিঃ নিলগত ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কানাইমাৰা গাওঁ পঞ্চায়তত যোৱাকালি এখন এগ্ৰিল বান্ধ কামৰ আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰে ৷ কানাইমাৰা গাওঁ পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি ছপিয়ৰ ৰহমান , সম্পাদক মঞ্জিল হক মোল্লা, জি, আৰ, এছ, আমিনুল ইছলাম আৰু ফেকামাৰী উন্নয়ন খণ্ডৰ জে ই তাজউদ্দিনৰ ৰহমানে আধাৰশিলা উদ্বোধন কৰি কামৰ আৰাম্ভনী কৰি দিয়ে ৷ উল্লেখযে এই কৃষি অঞ্চল সমূহত বানপানীৰ সময়ত লুইতৰ বুকুৰ পৰা অহা বালিয়ে কৃষিৰ বেয়াকৈ ক্ষতিসাধন কৰে সেইবাবে কেইবা হেক্টৰ কৃষি মাটিৰ সুৰক্ষাৰ কাৰণে যোৱাকালি MGNREGA আচনিৰ অধীনত ৯,৯৯,৮৫৩ টকীয়া এখন এগ্ৰিল কামৰ শুভাৰম্ভ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *