কালাপানীত এগ্ৰিল বান্ধ কামৰ আধাৰ শিলা স্হাপনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট ,

০৭ মাৰ্চঃ-

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ১১ নং কালাপানী গাওঁ পঞ্চায়তত এটা এগ্ৰিল বান্ধৰ কাম উদ্ধোধন কৰে খণ্ড উন্নয়ণ বিষয়া ইকবাল ৰাছুলে । এই বান্ধৰ জৰিয়তে নৈ পৰীয়া ৰাইজৰ সুবিধা হব বুলি জানিবলৈ দিয়া ইকবাল ৰাছুলে । নৈ পৰীয়া ৰাইজৰ দীৰ্ঘ দিনীয়া সমস্যাৰ অন্ত পৰিব বুলিও চৰ্চিত হৈছে । কালাপানী গাওঁ পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি মজিবৰ ৰহমানে কয় – মই কালাপানী গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এইটোৱেই মোৰ প্ৰথম কাম । এই কামৰ পৰাই আৰম্ভ কৰিবলৈ লৈছো মোৰ যাত্ৰা । কালাপানীৰ ৰাইজৰ উন্নয়ণৰ বাবে মই কাম কৰি যাম । মই সকলো ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰোঁ । আজিৰ এই আধাৰ শিলা স্হাপনৰ সময়ত উপস্হিত থাকে কালাপানী গাওঁ পঞ্চায়তৰ সচিব জহিৰুল ইছলাম , প্ৰাক্তন সভাপতি শওকত আলী , বিজেপি নেতা মোশাৰফ হোছেইন , ৱাৰ্ড সদস্যৰ লগতে স্হানীয় ৰাইজেও সহায় সহযোগিতা আগবঢ়ায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *