কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীলৈ বিজেপিৰ কলম উপহাৰ ।

এখন সুস্হ পৰিবেশত ভাল ছাত্ৰৰ সৃষ্টি হয় =লুতফৰ ৰহমান

এজনক বহিষ্কাৰ
মানকাচৰৰ প্ৰতিবেদক

15 ফেব্রুৱাৰীঃ

MANKACHAR , 14, ফেব্ৰৱাৰী:- আজি সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে হাই স্কুল আৰু হাই মাদ্ৰাছাৰ চুড়ান্ত পৰীক্ষা । ৰাজ্যৰ চুকে-কোনে বিয়পি থকা অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে ভাগ লৈছে এই পৰীক্ষাত । জীৱনৰ প্ৰথমটো পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সকলোৱে আপ্ৰাণ চেষ্টা চলাইছে ।
প্ৰথমটো পৰীক্ষাত কিছুমান ঠাইত যদিও কিছু অপ্ৰীতিকৰ ঘটনা সংগঠিত হৈছে কিন্তুু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হৈ গল পৰীক্ষা । ইপিনে আজিৰ এই পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সভাপতি আবু নাছিৰৰ নিৰ্দেশ মতে কালাপানী সমবায় সমিতিৰ সভাপতি লুতফৰ ৰহমানে সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছাবাৰ্তা জনোৱাৰ উপৰিও প্ৰতিটো পৰীক্ষাৰ্থীক এটা কৈ কলম উপহাৰ দিয়ে ।
কালাপানী সমবায় সমিতিৰ সভাপতি লুতফৰ ৰহমানে সাংবাদিকৰ আগত নিজৰ মতামত প্ৰকাশ কৰি কয় – এখন সুস্হ পৰিৱেশন এজন ভাল ছাত্ৰৰ সৃষ্টি হয় । প্ৰতিটো ছাত্ৰ-ছাত্ৰীক সুস্হ পৰিৱেশত ৰাখিব লাগে । যাতে সমাজৰ অনৈতিক কামৰ কোনো প্ৰভাৱ তেওঁ ছাত্ৰ-ছাত্ৰীৰ ওপৰত নপৰে ।
আজি আমাৰ জিলা সভাপতি আবু নাছিৰৰ নিৰ্দেশ মৰ্মে আমাৰ কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা বাৰ্তা জনোৱাৰ উপৰিও এটা কলম উপহাৰ আগবঢ়ালো ।
কালাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গুলজাৰ হোছেইনে জানিবলৈ দিয়ামতে – মুঠ 351 জন পৰীক্ষাৰ্থীৰ ভিতৰত 337 জন পৰীক্ষাৰ্থীয়ে আজি পৰীক্ষাত বহে । বাকী 14 জন পৰীক্ষাৰ্থী অনুপস্হিত থাকে ।ইয়াৰ পৰা এজনে অসৎ উপায় অৱলম্বন কৰাৰ বাবে লগে লগেই বহিষ্কাৰ কৰা হয় । আমাৰ পৰীক্ষা কেন্দ্ৰত সুন্দৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিছো ।
মনকৰিবলগীয়া কথা যে আজিৰ বিজেপিৰ এই শুভেচ্ছাবাৰ্তাত উপস্হিত থাকে বিজেপিৰ জেষ্ঠ্য নেতা অধিবক্তা জাহানগীৰ আলম মণ্ডল , মানকাচৰ বিজেপিৰ ব্লুক সভাপতি দিপাংকৰ ঘোষ , বিজেপি নেতা মোশাৰফ হোছেইন শ্বাহৰ উপৰিও বিজেপিৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকল ।

Leave a Reply

Your email address will not be published. Required fields are marked *