কুমলীয়াত নির্বাচনী কার্য্যালয় মুকলি কৰিলে ব্লক কংগ্রেছৰ সভাপতি দীপক কুমাৰ দাসে ।

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন ।

23 নৱেম্বৰ :

কুমলীয়া নতুন ছেন্টাৰত কংগ্রেছৰ নির্বাচনী কার্য্যালয় মুকলি কৰিলে ব্লক কংগ্রেছৰ সভাপতি দীপক কুমাৰ দাস ,বিশ্বনাথ জিলা কংগ্রেছৰ উপসভাতি কমল শইকিয়া, কুমলীয়া গাও পঞ্চায়তৰ প্রাক্তন সভাপতি আমিজুল হক আৰু ভাৰতীয় জাতীয় কংগ্রেছ দলৰ কুমলীয়া গাও পঞ্চায়ত সভানেত্রী পদৰ প্রার্থী মফিদা খাতুন ।
প্রায় দহ শতাধিক কংগ্রেছ কর্মী কার্য্যালয় মুকলি সভাত উপস্থিত থাকে । কুমলীয়াত BJP আৰু AJP য়ে এইবাৰো স্থান দখল কৰিব নোৱাৰে বুলি মন্তব্য কৰে ব্লক কংগ্রেছৰ সভাপতি দীপ কুমাৰ দাসে । কুমলীয়াত বিপুল ভোটত আকৌ বিজয় হব ভাৰতীয় জাতীয় কংগ্রেছ দলৰ সভানেত্রী পদৰ মনোনিত প্রার্থী মিছ মফিদা খাতুন এই ভাষ্য কুমলীয়া গাও পঞ্চায়তৰ প্রাক্তন সভাপতি আমিজুল হক ডাঙৰীয়াৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *