কয়াকুছিত বৰপেটা জিলা সাংবাদিক সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন ।

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

১৬ নৱেম্বৰ:

বৰপেটা জিলাৰ কয়াকুছিৰ ঢাৰি বজাৰ প্ৰাংগণত সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা সাংবাদিক সন্থাৰ সহযোগত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। পুৱা ৮ বজাত স্বচ্ছতা অভিযান কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। পুৱা ৯ বজাত সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই আজুৰ পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। ইয়াৰ পিছতে বৰপেটা জিলাৰ সাংবাদিক সন্থাৰ সভাপতি নজৰুল ইছলামে শ্বহীদ তৰ্পণ কৰে। পুৱা ৯.৪৫ বজাত কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈ, অৱসৰপ্ৰাপ্ত শিক্ষক চোহৰাব আলী আহমেদ, জালাল উদ্দিন ভূঞা, মমতাজ জাহান তালুকদাৰ আৰু জাহিদুল ইছলামে বৃক্ষৰোপণ কৰে। তাৰপিছতে আবেলি ৩ বজাত বৰপেটা জিলা সাংবাদিক সন্থাৰ সভাপতি নজৰুল ইছলামৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত জিলা জনসংযোগ বিষয়া ত্ৰিদিপ নন্দন বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি, সমাজৰ জাগ্ৰত প্ৰহৰী সাংবাদিকসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে বক্তব্য আগবঢ়ায়। তদুপৰি সভাত বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, সন্মানীয় অতিথি হিচাপে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী হুছেইন, আমন্ত্ৰিত অতিথি হিচাপে বৰপেটাৰোড-হাউলী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক চুলতান আলী আহমেদ, উচ্চ শিক্ষা সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক দেলোৱাৰ হুছেইন উপস্থিত থাকে। আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত জ্যেষ্ঠ সাংবাদিক ভবেশ ডেকা, খণ্ডকাৰ মিজানুৰ ৰহমান আৰু তবিবৰ ৰহমানক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সন্ধিয়া ৬ বজাত বৰপেটা জিলা সাংবাদিক সন্থাৰ সম্পাদক নিতুমণি দাসৰ বন্তি প্ৰজ্জ্বলনেৰে প্ৰেছ দিৱসৰ কাৰ্য্যসূচীৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *