গাওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধ মহিলাৰ প্ৰতিবাদ।

খাৰুপেটিয়াৰ পৰা শ্বেখ আব্দুল্লাহৰ প্রতিবেদনঃ

15 জানুৱাৰীঃ

##ৰক্ষকেই বক্ষকৰ ৰূপত গাওঁৰক্ষী বাহিনীৰ সম্পাদক মোস্তফা কামাল
## গোটৰ ধন আত্মসাত কৰা প্ৰৱঞ্চকক ৰক্ষনা বেক্ষণ দিয়াৰ অভিযোগ সম্পাদকৰ বিৰূদ্ধে
##ফকিৰপাৰা গাঁৱৰ ফকিৰপাৰা গাঁৱৰ সম্পাদকৰ বিৰূদ্ধে এই অভিযেগ ||

V. Oঃদৰং জিলাৰ খাৰুপেটিয়া থানাৰ অন্তৰ্গত ফকিৰপাৰা গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰূদ্ধে জাঙুৰ খাই উঠিল গাওঁখনৰ ৰাইজ । গাওঁখনত থকা মহিলা গোটৰ পৰা টকা ধাৰেলৈ আত্মসাত কৰিছিল আজাদ আলী নামৰ প্ৰৱঞ্চক এজনে । প্ৰৱঞ্চক আজাদ আলীৰ বিৰূদ্ধে গাওঁ সভা পাতি ধাৰে লোৱা টকা ঘুৰাই দিয়াৰ দায়িত্ব লৈছিল গাওৰক্ষী বাহিনীৰ সম্পাদক মোস্তফা কামালে। কিন্তু মহিলা গোটৰ টকা সময়মতে ঘুৰাই নোপোৱাৰ পিচত আচল ৰহস্য ওলাই পৰিল। মহিলা সকলে অভিযোগ কৰা মতে আজাদ আলীৰ পৰা টকা খিনি লৈ গাওঁৰক্ষী বাহিনীৰ সম্পাদক মোস্তফা কামালে উক্ত টকা খিনি আত্মসাত কৰিছে।গোটৰ মহিলা সকলে এই কাণ্ড জানিব পাৰি সম্পাদকৰ বিৰূদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে । আনহাতে সম্পাদক জনৰ বিৰূদ্ধে বহুতো অভিযোগ উত্থাপিত হৈছে। গাওঁ খনত তেওঁৰ জৰিয়তে বহুত অনৈতিক কাৰ্য কলাপৰ লগতে সাধাৰণ লোকৰ পৰা অবৈধ ভাৱে ধন সংগ্ৰহ কৰাৰ কথাও উল্লেখ কৰে VDP সভাপতি শুকুৰ আলিয়ে। গাওৰক্ষী বাহিনীৰ সম্পাদকৰ পৰা বৰ্খাস্তৰ দাবীত আজি দিনৰ ১২ বজাত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে গাঁও খনৰ শতাধিক পুৰুষ মহিলাই। মস্তফা কামাল হায় হায়, মস্তফা কামাল মূর্দাবাদ, মস্তফা কামালক বাহিস্কাৰ কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰে প্ৰতিবাদী সকল।.

Leave a Reply

Your email address will not be published. Required fields are marked *