গোৱৰ্ধনাত জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত ১২ ঘন্টীয়া অসম বন্ধৰে আক্ৰাছু আৰু কোচৰাবংশী প্ৰতিবাদ

বৰপেটাৰোডৰপৰা নডৰুল আলীৰ ৰিপৰ্ট,

৮ জানুৱাৰীঃ

আজি গোৱৰ্ধনাত সদৌ অসম কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বাক্সা জিলা সমিতি, কোচৰাজবংশী মহিলা সমিতি, নিমূৱা আঞ্চলিক সমিতি আৰু কালপানী আঞ্চলিক সমিতিৰ উদ্যোগত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্থ কৰে। জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীত আজি ১২ ঘন্টীয়া অসম বন্ধত গোৱৰ্ধনাত টায়াৰ জ্বলাই অসম চৰকাৰ হাই হাই, সৰ্বানন্দ সনোৱাল মূৰ্দাবাদ, নৰেন্দ্ৰ মোডী মূৰ্দাবাদ, নো কমতাপূৰ নো ৰেষ্ট, অসম চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ লেই লেই ছেই ছেই আদি শ্লোগানেৰে গোৱৰ্ধনাৰ আকাশ বতাহ কপাই তোলে। আক্ৰাছুৰ বাক্সা জিলাৰ সভাপতি কপিল সিংহে কয় যে যদি অসম তথা কেন্দ্ৰীয় চৰকাৰে কোচ সম্প্ৰদায়ৰ ভাষা বুজি নাপায় তেন্তে অনাগত দিনত আমি আক্ৰাছু আৰু আক্ৰাছুৰ মহিলা শাখাৰ ফালৰপৰা বৃহত গণতান্ত্ৰিক আন্দোলন কাৰ্য্যসূচী হাতত লবলৈ বাধ্য হম, তেতিয়া যদি সেই আন্দোলনত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় তেন্তে সেই ঘটনাৰ বাবে দায়ী একমাত্ৰ অসম আৰু কেন্দ্ৰীয় চৰকাৰ হে হব।

Leave a Reply

Your email address will not be published. Required fields are marked *