চাপৰত জুৱা খেল বন্ধৰ নামত আমছুৰ নেতা কৰ্মীক মাৰ পিট- জুৱা খেলুৱৈৰ বিৰুদ্ধে থানাত গোচৰ আমছুৰ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন।

৩০ ডিচেম্বৰ:-

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰী বাঙালডোবা সাপ্তাহিক বজাৰত দিনে নিশাই জুৱা খেল চলি থকাত অঞ্চলটোত একপ্ৰকাৰ উপদ্ৰৱত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এনে জুৱা উপদ্ৰৱ সৃষ্টি হোৱা অঞ্চলটোত নৱ প্ৰজন্ম কে ধৰি একাংশ মানুহে শূণ্য হৈ পৰা দেখা গৈছে। যাৰ পৰিপ্ৰেক্ষিতত আমছুৰ ফলিমাৰী আঞ্চলিক সমিতিৰ নেতা কৰ্মীৰ দল এটাই যোৱা ২৬ ডিচেম্বৰ তাৰিখৰ বুধবাৰ দিনা বাঙালডোবা সাপ্তাহিক বজাৰত উপস্থিত হৈ জুৱা খেল বন্ধ কৰি ঘৰলৈ উভতি যায় যদিও আমছুৰ ফলিমাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছুৱাহান আলী আৰু আমছুৰ কৰ্মী মোবাৰক আলীক জুৱাৰী সকলৰ ১৫, ১৬ জনীয়া দল এটাই আগভেটি ধৰি মাৰ পিট কৰে। চোকা অস্ত্ৰৰে আঘাত কৰাত কৰ্মী দুয়োজনে চিঞৰ বাখৰ কৰাত স্হানীয় ৰাইজে উক্ত ঘটনা স্হলিত লৰা লৰি কৈ আহি থকা অৱস্থাত জুৱাৰী দলটো পলায়ন কৰাত আমছুৰ কৰ্মী দুজনৰ প্ৰান ৰক্ষা পৰে। এই সন্দৰ্ভত আমছুয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰে। দোষীক কৰাস্ত কৰি জেল হাজত প্ৰেৰণ কৰাৰ দাবী জনায় অন্যথা গণতান্ত্ৰিক ভাৱে আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *