চৰকাৰে যি কথাই নকওক কিয়, আইনৰ ধাৰাত নপৰিলে সেয়া কেতিয়াও কৰিব নোৱাৰে ।

১/ কোনোবাই এদিন দোকান বন্ধ কৰি ৰাখিলে আইনৰ ধাৰাত চৰকাৰৰ ১% শতাংশও অধিকাৰ নাই যে তেওঁৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পাৰে।

2/ কোনো সাধাৰণ কৰ্মচাৰীয়ে বিশেষ কাৰণত এদিন কৰ্মস্থলীত উপস্থিত থাকিব নোৱাৰিলে চৰকাৰে মেক্সিমাম শাস্তি এদিনৰ দৰমহা কৰ্তন কৰিব পাৰিব। অৱশ্যে হাৰাশাস্তি দিবলৈ কাৰণ দৰ্শাবলৈ দিব পাৰে, উপযুক্ত আৰু গ্ৰহণযোগ্য কাৰণ দৰ্শাব পাৰিলে সেইটো দিনৰ দৰমহাও কাটিব নোৱাৰে।

৩/ গণতান্ত্ৰিক এখন দেশত সকলোৰে নিজৰ অধিকাৰ সম্পৰ্কে জনা উচিত। এখন গণতান্ত্ৰিক দেশত কোনেও হিটলাৰী জাননী দিব নোৱাৰে। কিন্তু আজি কাৰ্যক্ষেত্ৰত কৰিব নোৱাৰা কিছুমান হিটলাৰী জাননী দি এখন স্বৈৰতান্ত্ৰিক চৰকাৰৰ প্ৰমাণ দিলে।

৪/ গণতান্ত্ৰিক এখন দেশত আপোনাক কোনো ওপৰৱালাই কঠোৰ ভাষাৰে একো কথা কোৱাৰ অধিকাৰ নাই। আপুনি আইনৰ সহায় লব পাৰে।

৫/ এই জাননীৰ জড়িয়তে চৰকাৰে কাইলৈ হবলগীয়া বন্ধ বলপূৰ্বক বিফল কৰাৰ চেষ্টা চলাইছে আৰু অসমীয়া-অসমীয়াৰ মাজত পৰিকল্পিত সংঘৰ্ষ সৃষ্টিৰ চেষ্টা চলাইছে। কৰ্মচাৰী, ব্যৱসায়ী সকলৰ মাজত বহুতো অসমীয়া লোকো আছে। গতিকে সকলোৱে কথাষাৰ গুৰুত্ব দিয়া উচিত।

৬/ চৰকাৰী কৰ্মচাৰী আৰু ব্যৱসায়ীসকলক চৰকাৰে নিৰাপত্তাহীনতালৈ বলপূৰ্বক ঠেলি দিছে আৰু মানসিক উৎপীড়ন চলাইছে। ই এক বিধিগত অপৰাধ।।

Leave a Reply

Your email address will not be published. Required fields are marked *