ছুৱাপাতা এম. ই. মাদ্ৰাছাৰ প্ৰধান শিক্ষক আঃ বাৰেক মিঞাৰ দুৰ্নীতিৰ ফলত বদলিকৰণ দাবী তুলি পৰিচালনা কমিটি, ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

০৮ ফেব্ৰুৱাৰী :-

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ছুৱাপাতা এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুল বাৰিক মিঞা বহু দিনৰ পৰা কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী লগত পৰিচালনা সমিতিৰ সভাপতি । প্ৰাপ্ত বাতৰি মতে বিগত কেইমাহমানৰ পৰা বিদ্যালয়ত অনিয়মিত ভাবে উপস্থিত থকাৰ লগতে মধ্যাহ্ন ভোজনৰ কেলেংকাৰীৰ তথ্য সদৰী কৰিলে ছাত্ৰ ছাত্ৰী সমূহে ।বহু দিনৰ পৰা বিভিন্ন ভাবে অভিযোগ দাখিল কৰি আহিছিল যদিও এই ক্ষেত্ৰত বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কতৃপক্ষই । প্ৰধান শিক্ষকৰ নামত কোনো ক্লাছ পৰিলক্ষিত নহল বিদ্যালয়খনৰ দৈনিক দিনপঞ্জীত । ৪৪৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ৯ জন শিক্ষক নিয়োগ হৈ আছে কিন্তু প্ৰধান শিক্ষক অকল নামত হে আছে কামত নাই । মাহৰ মূৰত এবাৰ বা দুবাৰ খোৱা দিয়ে বুলি অভিযোগ তুলিলে ছাত্ৰ ছাত্ৰীয়ে।অতি সোনকালে প্ৰধান শিক্ষকৰ বদলিৰ দাবী উত্থাপন কৰিছে পৰিচালনা সমিতিৰ সভাপতি লগতে সমূহ ছাত্ৰ ছাত্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *