তিনিসুতিত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ উন্মোচন

আব্দুল বাৰেক , নিউজ ডেস্ক ,

১০ফেব্ৰুৱাৰী: –

আজি তিনিসুতিত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ উন্মোচন কৰা হয় । তিনিসুতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভীমলাল শৰ্মাই আতধৰা উন্মোচনী সভাত প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰী স্মৃতি তোৰণ খন আনুষ্ঠানিক ভাৱে ফিতা কাটি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰ বাহাদুৰ ছেত্ৰীয়ে। এই স্মৃতি তোৰণ খন প্ৰয়াত চক্ৰ বাহাদুৰ ছেত্ৰী আৰু কেদাৰ ছেত্ৰীৰ পৰিয়ালে তিনিসুতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নামত অৰ্পণ কৰে। উক্ত উন্মোচনী সভাত তিনিসুতি উচ্চ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইন্দ্ৰ শৰ্মা, তিনিসুতি গাঁও পঞ্চায়ত সভানেত্ৰী মিলন লিম্বু, তিনিসুতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিণী শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক কুবেৰ শৰ্মা, সমাজকৰ্মী হৰি শৰ্মা, ভুলা শৰ্মা, ৰঙ্গ ঢাকাল, সৰানন্দ শৰ্মা,ভৱানী শৰ্মা, অবিনাশ কাৰ্জি, সাংবাদিক আব্দুল বাৰেক, গোপাল গোৰ্খা খনাল, পৰিয়াল বৰ্গৰ হৈ গনেশ ছেত্ৰী, গীতা ছেত্ৰী,ৰাজীৱ ছেত্ৰী, হেমা ছেত্ৰী,কেদাৰ ছেত্ৰী, দিলীপ ছেত্ৰী, দিল্লীৰাম ছেত্ৰী, বলেকা ছেত্ৰী, দুৰ্গা ছেত্ৰী, নীলম ছেত্ৰী, বিজয় ছেত্ৰী, তিনিসুতি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *