দঃশালমাৰা-মানকাচৰ জিলাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন

দঃশালমাৰাৰ পৰা ছামিউল হক ৰিপৰ্ট,

৪ মাৰ্চ :

আজি দঃশালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা কমিটি গঠনৰ বাবে এখন সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত দঃশালমাৰাৰ বিভিন্ন অঞ্চলৰ পৰা বহু যুৱক,মুৰব্বী আৰু কেইবাগৰাকী সন্মানীয় শিক্ষক উপস্থিত থাকে।আজিৰ সভাত দঃশালমাৰা-মানকাচৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিশিষ্ট সমাজ সেৱক,সু-শিক্ষিত,দজ্ঞতা সম্পূৰ্ন,সমাজৰ বাবে মংগল কামনা কৰা,সৎ চিন্তা-চৰ্চা আৰু সমাজৰ মানুহৰ লগত ওতঃপ্ৰোতঃভাৱে জঢ়িত থকা ৰাশিদুল ইছলামক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় আৰু মুখ্য উপদেষ্টা আনিছুৰ ৰহমান কে ধৰি কেইবা গৰাকীক বিভিন্ন পদত নিযুক্তি দি ৭০ জনীয়া সাংগঠনিক সংগঠন কৰা হয়।ৰাশিদুল ইছলাম দায়িত্ব গ্ৰহণ কৰি সাংবাদিকৰ সন্মূখত মত প্ৰকাশ কৰে সমাজৰ শিক্ষা,পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অসৎ উপায় নিৰ্মূল কৰাৰ চেষ্টা কৰিম।ইছলামৰ হাতত দায়িত্ব অৰ্পণ কৰি বিভিন্ন জিলাৰ পৰা অহা জিলা সভাপতি খুবেই উৎফুল্লিত হৈছে বুলি মত প্ৰকাশ কৰিছে।দঃশালমাৰা ৰাইজে ভাল কৃতিত্ব থকা ইছলামক লগ পাই আনন্দ জোৱাৰ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *