দঃশালমাৰা মানকাচৰ জিলাৰ বিভিন্ন স্থানত চলিছে জু্ৱা খেল আৰু অশ্লীল নৃত্য – নিমাত জিলা প্ৰশাসন

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

১৩ জানৱাৰী ঃ

সমগ্র ৰাজ্য নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু জনজাতিকৰণক লৈ উত্তপ্ত হৈ আছে যদিও কেৰেপ নকৰে দঃশালমাৰা মানকাচৰ জিলাৰ আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনে । এনে উত্তপ্ত পৰিস্থিতিৰ মাজতো দঃশালমাৰা মানকাচৰ জিলাৰ কালাপানী, বামুণীপাৰা, সাদুল্যাবাৰী, কানাইমাৰা , কুকুৰমাৰা , আদি অঞ্চলত বিগত প্ৰায় এমাহ ধৰি ধাৰাবাহিকভাৱে চলি আছে জুৱা খেল আৰু যুৱক-যুৱতীৰ অশ্লীল উদ্যাম নৃত্য।এই জুৱা খেল আৰু অশ্লীল নৃত্যৰ ফলত বহু ব্যক্তি সৰ্বস্বান্ত হেৰুৱাৰ উপৰিও বিপথে পৰিচালিত হৈছে বহুতো ছাত্ৰ। কিন্তু আচৰ্য্যজনক কথা আৰক্ষী প্ৰশাসনৰ চকুত ধূলী দি ৰাজ্যৰ এনে উত্তপ্ত পৰিস্থিতিৰ মাজতো একাংশ দুষ্টচক্ৰই কেনেদৰে ধাৰাবাহিকভাৱে জুৱা খেল চলাই গৈ আছে নে আৰক্ষী প্ৰশাসনৰ সেউজ সংকেতৰ ছত্ৰছায়াত চলিছে এই জুৱা খেল আৰু অশ্লীল উদ্দ্যাম নৃত্য সেয়াহে লক্ষণীয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *