দঃশালমাৰা সমষ্টিৰ অন্তৰ্গত টুমনী গাৱঁ পঞ্চায়তৰ কলাবাৰী-কাটমিল দলংৰ কাম উদ্বোধন কৰে দঃশালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী ডাঙৰীয়া ।

দঃশালমাৰাৰ পৰা ছামিউল হকৰ প্রতিবেদন :

25 ডিছেম্বৰ :

সমগ্ৰ অসমত বগীবিল দলং উদ্বোধনৰ উদুলি মুদুলি দৃশ্য,তাৰ মাজতে দঃশালমাৰা ৰাইজেও পিছ পৰা নাই।দঃশালমাৰাৰ বহু আকাংক্ষিত কলাবাৰী পৰা কাটমিল দলং খন সচাঁকৈ সম্পূৰ্ন হব ধৰিছে।বানপানী আহিলে হাজিৰহাটৰ পৰা টুমনী পঞ্চায়ত লৈকে গুৱাহাটী,শিঙিমাৰী,মানকাচৰ অহা যোৱাৰ বিশেষ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল আৰু এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছিল হাজিৰহাট,পাটাকাটা,মনিৰচৰ,টুমনী পঞ্চায়তৰ কন্যা ফুলবাড়ী,মানকাচৰ,হাটশিঙিমাৰী বিয়া দিবলৈ হ’লে দৰা আহিলে যোগাযোগৰ অসুবিধাৰ মান্তি হোৱা নাছিল।এতিয়া চৰকাৰে দঃশালমাৰা ৰাইজৰ এনে সমস্যাৰ পৰা মুক্তি দিব বিচাৰিছে কলাবাৰী কাটমিল পকী দলংৰ মাধ্যমেৰে।দঃশালমাৰা সমষ্টিৰ ৰাইজৰ আৰু ডাঙৰ সমস্যা হৈছে সিদ্ধান্ত লবলৈ মাজে মাজে ভুল হয় কিয়নো চৰকাৰৰ অংশীদাৰ হিচাপে বিধায়ক বনোৱা নহয়।চৰকাৰ কংগ্ৰেছ হ’লে বিধায়ক বনাও এ আই ইউ ডি এফ ৰ আৰু চৰকাৰ বি জে পি হ’লে বিধায়ক বনাও কংগ্ৰেছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *