দক্ষিণ শালমাৰা মানকাচৰ জিলাত গণৰাজ্য দিৱস উদযাপন ।

নিউজ ডেস্কৰ প্রতিবেদনঃ

26, জানুৱাৰী , মানকাচৰ

সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হল 70 তম গণৰাজ্য দিৱস । জিলা উপায়ুক্ত আতিকা চুলতানাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে । দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী আৰক্ষী অধীক্ষক , মানকাচৰৰ বিধায়ক ডা মতিউৰ ৰহমানৰ উপৰিও জিলা পৰ্যায়ৰ প্ৰায় সকলো বিষয়াই উপস্হিত থাকে । জিলা উপায়ুক্তই ভাষণ প্ৰসংগত কয় -অসম ৰত্ন সুধাকন্ঠ ড ভুপেন হাজৰিকাক “ভাৰত ৰত্ন ” প্ৰদান কৰাত ভাৰত চৰকাৰক প্ৰশংসা কৰে ।
গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জন-জাতিৰ লোকে অসমৰ কলা-কৃষ্ঠি পৰিবেশন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *