দুগ্ধনগৰী সৰভোগ সাজু ৰাজ্যবাসীক ভোগালীৰ ভোগ খুৱাবলৈ ভোগালী বিহু উপলক্ষে দহহাজাৰ লিটাৰ দৈ বিক্ৰীৰ যো-জা

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

১৪ জানুৱাৰী:

এসময়ত ম’হৰ এঁঠা দৈৰ বাবে খ্যাত বৰপেটা জিলাৰ সৰভোগৰ দৈ আজিও গোটেই ৰাজ্যতে সমাদৃত। প্ৰতিবছৰে ভোগালী বিহু আহিলে সৰভোগৰ সৰু-বৰ দৈৰ বিপণীসমূহ সাজু হৈ পৰে ৰাজ্যবাসীক সুস্বাদু দৈ খুৱাবলৈ। ভোগালী বিহু উপলক্ষে এইবাৰ সৰভোগৰ দৈৰ বিপণী গিতিকা ষ্টোৰে ২ হাজাৰ লিটাৰ দৈ, ২০০ কেজি ক্ৰীম আৰু ৫০ কেজি মাখন, পিকু ষ্টোৰে ৩০০ লিটাৰ দৈ, ক্ৰীম ১০০ কেজি, ঘিউ ২০ কেজি আৰু বাঁহৰ চুঙাৰ দৈ ৪০০ লিটাৰ প্ৰস্তুত কৰাৰ লগতে দধি ভাণ্ডাৰে বাহৰ চুঙাৰ দৈ ২৬০০ লিটাৰ, ক্ৰীম ১২০ কেজি, ঘিউ ১৫ কেজি আৰু দৈ ৫০০ লিটাৰ প্ৰস্তুত কৰিছে৷ সেইদৰে উদ্ধৱ চন্দ্ৰ বায়ন এণ্ড সন্‌ দৈ বিপণীখনত ২৫০০ লিটাৰ দৈ, ক্ৰীম ৪০০ কেজি, সদানন্দ দধি ভাণ্ডাৰত দৈ ২০০ লিটাৰ, ক্ৰীম ৫০ কেজি আৰু ঘিউ ২০ কেজি প্ৰস্তুত কৰা বুলি স্বত্বাধিকাৰীসকলে জানিবলৈ দিয়ে৷ সৰভোগৰ এই স্থায়ী দোকানসমূহৰ লগতে সৰভোগৰ বিভিন্ন অঞ্চলৰ ৰাইজে নিজাকৈ উৎপাদন কৰা ম’হৰ দৈ, ক্ৰীম, ঘিউ আৰু বাঁহৰ চুঙাৰ দৈৰে ভোগালীক আদৰাৰ বাবে সাজু হৈছে৷ এইবেলি প্ৰতি লিটাৰ দৈত ১৫০-১৬০ টকা, বাঁহৰ চুঙাৰ দৈ প্ৰতি কেজিত ১৮০-২০০ টকা, ক্ৰীম প্ৰতি কেজিত ৫০০-৫৫০ টকা, ঘিউ প্ৰতি কেজিত ৮০০-৮৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *