ধুবুৰীত ৭০ টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব (সংশোধনী)বিধেয়ক ২০১৬ বাতিলৰ দাবী গণ সত্যাগ্ৰহ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপর্ট, ২৮ নৱেম্বৰ:-

ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যলায়ৰ সন্মুখত আজি ৰাতিপুৱা ১০ বজাৰ পৰা ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত গণ সত্যাগ্ৰহ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসুচীত অসমৰ জাতীয় অস্তিত্ব জীয়াই ৰখাৰ স্বাৰ্থত সকলো জনগোষ্ঠীয় সংগঠনৰ সদস্য সদস্যা সকলে উপস্থিত থাকি জাতি ধ্বংসী আইন বাতিল দাবীত বিভিন্ন শ্ল গানেৰে আকাশ পাতাল উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *