ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

০৯ ফেব্ৰুৱাৰী :- নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত
সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মহানায়ক হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী আৰু জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিল বাতিলৰ দাবীত স্থানীয় বিলাসীপাৰা গান্ধী চকত সন্ধিয়া ৬ বজাত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে । হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, ভাৰত চৰকাৰ মুৰ্দাবাদ , বি জে পি চৰকাৰ হায় হায় ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *