নদাৰ্ন ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰৰ দাবী আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

আব্দুল বাৰেক , বিশ্বনাথ চাৰিআলি,

৯জানুৱাৰী: –

ৰাজ্যজুৰি বিতৰ্কিত বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তেই যোৱা কালি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি যোৱা কেইবাদিন পূৰ্বে গড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত দক্ষিণ চতিয়াৰ ভোজমাৰী গাৱৰ আব্দুল মহিম আৰু ছাহাৰা খাতুনৰ পুত্ৰ মিৰ্জাত আলীক বন বিভাগে গ্ৰেপ্তাৰ কৰি পানীভৰাল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত সোধাপোছাৰ কাৰণে জিম্মাত লৈছিল। যোৱা কালি ৰাতিপুৱা বনবিভাগৰ লোকে মিৰ্জাদৰ পৰিয়ালৰ লোকক আত্মহত্যা কৰা বুলি মৃত দেহ চমজায় দিয়াৰ বাবে প্ৰচেষ্টা চলাই যদিও পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদক অৱগত কৰে। বন বিষয়াৰ জিম্মাত থকা এজন অপৰাধীয়ে কেনেকৈ আত্মহত্যা সংঘটিত কৰিব পাৰে, বিষয়টোত সন্দেহ হোৱাত আজি আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আমছুৰ কেন্দ্ৰীয় উপসভাপতি ছাইফুদ্দিন আহমেদে কয় যে, ডি এফ অ মুকুট দাস আৰু ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত কৰি আত্ম হত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে । ইয়াৰ পুৰ্বেও প্ৰাঞ্জল বৰুৱাই বহু কেইজন অপৰাধীক আইনী প্ৰক্ৰিয়াক বুঢ়া আঙুলি দেখুৱাই নিজে আইন হাতত তুলি লৈ হত্যাকৰাৰ অভিযোগ উত্থাপন হৈছিল । ইফালে বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল হাকিম চিকদাৰে উক্ত ঘটনাত জড়িত বন বিষয়াক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই। লগতে সাধাৰণ সম্পাদক নাজিৰ আহমেদে কয় যে, গড় হত্যাৰ লগত জড়িত থকা সকলক বন বিভাগে গ্ৰেপ্তাৰ কৰি আইনৰ মাধ্যমেৰে শাস্থি দিয়াত আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰাঞ্জল বৰুৱাই নিজে আইন হাতত তুলি সংঘটিত কৰা হত্যা কাণ্ড অতি নিন্দনীয় বিষয়, এই বিষয়ে উচিত তদন্ত কৰি হত্যাকাণ্ডৰ লগত জড়িত থকা বিষয়া সকলক নিলম্বনৰ লগতে কৰায়ত্ব কৰি দৃষ্টান্ত মুলক শাস্তিৰ দাবী উত্থাপন কৰে। আনহাতে বনবিভাগে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাক ঘটনাৰ সঠিক তদন্ত নোহোৱা লৈকে পদৰ পৰা সামূহিক অব্যাহতি দিয়া বুলি পত্ৰ যোগে প্ৰতিবাদ কাৰী সংগঠন দুটাক অৱগত কৰে। বিশ্বনাথ জিলা আমছু ৰ সভাপতি মাহমাদুল হাছান, সাধাৰণ সম্পাদক ফকিৰ আলি, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আব্দুল হাকিম চিকদাৰ, নাজিৰ আহমেদকে ধৰি দক্ষিণ চতিয়া আঞ্চলিক আমছুৰ সভাপতি মহিবুল হক আৰু শতাধিক ৰাইজে হত্যাকাণ্ডৰ এক নিৰপেক্ষ আৰু সঠিক তদন্তৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ দাবী জনাই। অন্যথা এই ঘটনাৰ আলম লৈ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হলে বন বিভাগৰ লগতে বিশ্বনাথ জিলা প্ৰশাসন জগৰীয়া হব বুলি সংগঠন দুটাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *