নলবাৰীত বাজিল নিৰ্বাচনৰ ৰণডংকা ।

নলবাৰীৰ পৰা কৃষ্ণ ডেকাৰ ৰিপর্ট :

28 নৱেম্বৰ :

আজি নলবাৰীৰ বৰভাগত অনুষ্ঠিত হল বিজেপিৰ প্ৰথম খন নিৰ্বাচনী সভা । কংগ্ৰেছ অগপক তুলি ধুনা দি বিজেপিয়ে গালে জয় গান । এই নিৰ্বাচনী সভাত হেলিকপ্তাৰৰ যোগেদি উপস্থিত হল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
V O :: 1 = নলবাৰীত আৰম্ভ হল নিৰ্বাচনী ৰণডংকা । চাওঁক লোকে লোকাৰণ্য হৈ পৰা এই নিৰ্বাচনী সভা । নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টি ৰ বৰভাগত অনুষ্ঠিত হল বিজেপিৰ প্ৰথম খন নিৰ্বাচনী সভা । আৰু এই নিৰ্বাচনী সভাত হেলিকপ্তাৰ যোগেদি উপস্থিত হোৱা বহু বল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটালে বিস্ফোৰণ । বিজেপিক নিঃশেষ কৰাৰ হেনো চক্ৰান্ত চলিছে । আৰু বিজেপিক নিঃশেষ কৰিবলৈ আলফাক আদৰি আনিব নালাগে বুলিও কটাক্ষ কৰে । ইপিনে কাজিৰঙাৰ পৰা বাংলাদেশী উচ্ছেদ কৰাৰ লগতে গড় হত্যা বন্ধ কৰাৰ বাবে বিজেপি চৰকাৰে যি পদক্ষেপ লৈছে সেয়া কাৰোবাৰ বাবে মুৰৰ কামোৰণি বুলিও কয় । আনহাতে হিন্দুত্ববাদ থাকিলেহে মুছলমান খ্ৰীষ্টান বৌদ্ধিষ্ট সকলো শান্তিত থাকিব পাৰে । ভাৰতবৰ্ষত হিন্দুত্ববাদ থকা বাবে সকলো ধৰ্মৰ লোক সুৰক্ষিত । হিন্দুত্ববাদ নথকা দেশত আন ধৰ্ম তথা সম্প্ৰদায় সুৰক্ষিত নহয় বুলিও তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে । আনহাতে কংগ্ৰেছ অচল টকা বুলি কটাক্ষ কৰি কংগ্ৰেছৰ কথা চিন্তা কৰি লাভ নাই বুলি বিজেপিক ভোট দিবলৈ এইদৰে জনালে আহ্বান । আনহাতে এই নিৰ্বাচনী সভাতে আগন্তুক শিক্ষা বৰ্ষত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকো বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়াৰ লগতে কৃষি ঋণৰ সুত ৰেহাই দিব বুলিও ঘোষণা কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *