নাগৰিকত্ব বিধেয়ক ২০১৬ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ :ওদালগুৰি জিলা এবিএমছুৰ ।

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদন:

05 জানুৱাৰী।
নাগৰিকত্ব বিধেয়ক ২০১৬বাতিলৰ বিৰোধিতা কৰি সমগ্ৰ অসমত দল সংগঠনৰ প্ৰতিবাদেৰে উত্তপ্ত হৈ থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিলচৰ এখন জনসভাত এই বিল যিকোনো প্ৰকাৰে বলবৎ কৰা হব বুলি দম্ভালি মৰা মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছে অসমৰ বিভিন্ন দল সংগঠন।১৯৭১চনৰ ২৫মাৰ্চৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ লগতে অসম চৰকাৰে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এবিএমছুৰ ওদালগুৰি জিলা সমিতিয়ে দিনৰ ১১বজাত ৰৌতাৰ ঝাৰগাওঁত ১৫নং ৰাষ্টীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে।এবিএমছুৰ শতাধিক কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ নৰেন্দ্ৰ মোডী গবেক,সৰ্বানন্দ সোনোৱাল গবেক,ৰঞ্জিত দাস হায় হায় ,নাগৰিকত্ব বিল বাতিল কৰক,এবিএমছু জিন্দাবাদ আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ কৰে প্ৰতিবাদকাৰী সকলে।এবিএমছুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলামে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে অসমত হিন্দু বাংলাদেশী আনি অসম ৰক্ষা কৰিব বিচাৰিছে নেকি?জাতি মাটি ভেটিৰ কথাকৈ শাসনৰ বাঘজৰীত বহা সৰ্বানন্দ, ৰঞ্জিত দাস ,হিমন্ত সকলো নৰেন্দ্ৰ মোডীৰ নাগপাশত বন্দী হৈ কাষত বহি মৌন বাবে নৰেন্দ্ৰ মোডীৰ জাতিদ্ৰোহী সিদ্ধান্ত সমৰ্থন কৰিলে বুলি গুৰুতৰ অভিযোগ কৰে নেতাজনে ।লগতে উল্লেখ কৰে যে নাগৰিকত্ব বিল ২০১৬বাতিল নহলে এবিএমছু ক্ষান্ত নাথাকি ভয়ানক গনতান্ত্ৰিক আন্দোলন কৰাৰো হুংকাৰ দিয়ে নেতাজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *