নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিহালীত প্রধান মন্ত্রী নৰেন্দ্র মোদীৰ পুত্তলিকা দাহ।

আব্দুল বাৰেক ;বিশ্বনাথ চাৰিআলি ;

৫ জানুৱাৰী :-

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্ৰে বলবৎ কৰা হ’ৱ বুলি ৰাজহুৱাভাৱে শিলচৰত আহি বক্তব্য প্ৰকাশ কৰাৰ পিছতেই উত্তাল হৈ পৰিছে ৰাজ্যৰ জন-জীৱন ৷সমান্তৰালভাৱে, বিহালীতো বিহালীৰ জাতীয়তাবাদী দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ ৷ আজি বিহালীৰ বৰগাঙৰ ৰাজপথত ছাত্ৰ মুক্তি , কৃষক মুক্তি সংগ্ৰাম সমিতি,অনুসূচিত জাতি ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে আদি কৰি কেইবাটাও জাতীয়তাবাদী সংগঠনৰ প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰীৰ বক্তৱ্যৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | প্ৰতিবাদকাৰী সকলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী গ’বেক, সৰ্বানন্দ সোনোৱাল গ’বেক, সৰ্বানন্দ সোনোৱাল বেইমান,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্ল’গানৰে বৰগাঙৰ ৰাজপথ উত্তাল কৰি তোলে |

Leave a Reply

Your email address will not be published. Required fields are marked *