নাগৰিকত্ব সংশোধনী বিধেয়ক প্রত্যাহাৰ দাবীত চি পি আই এম-এল ৰ ধাৰাবাহিক প্রতিবাদ আজি সম্পন্ন।

নিউজ ডেস্ক ৰিপর্ট:

06 জানুৱাৰী:

৩ জানুৱাৰী পৰা ৬ জানুৱাৰী লৈ চি পি আই এম-এল বিশ্বনাথ জিলা সমিতি আৰু বিপ্লৱী যুব সন্থাৰ উদ্যেগত বিহালী উন্নয়ন খণ্ডৰ সন্মুখত ধাৰাবাহিক অৱস্থান ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।
৩ জানুৱাৰী তাৰিখৰ পৰা অৰ্ধ শতাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত সংগঠন দুয়োটাই এই জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ জনগণে তীব্ৰ বিৰোধীতা কৰি অহাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰ খনে অসমীয়া জাতিৰ ভবিষ্যৎ অস্তিত্ব বিপন্ন কৰি অসম আৰু অসমীয়া জাতিটোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিবলৈ কুন্ঠাবোধ কৰা নাই।নাগৰিকত্ব সংশোধনী বিধেয়ক হ’ল অসমবাসীৰ প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ দলিল হিচাপে সংগঠন দুয়োটাই অভিযোগ কৰিছে।
বিহালীত ধাৰাবাহিক ভাবে প্ৰতিবাদ কৰি অহা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আজি অংশগ্ৰহন কৰে চিপিআই এম-এলৰ ৰাজ্যিক সদস্য মাননীয় বিবেক দাস,অনন্ত হাজৰিকা, বিশ্বনাথ জিলা সম্পাদক লীলা শৰ্ম্মা, বিপ্লৱী যুৱ সন্থাৰ পৰিমল গোঁড়,জ্যোতিপ্ৰকাশ বৰা, নাৰায়ণ পৌড়েল,হৰেন কায়স্ত,নৰোত্তম চুণ্ডী আৰু কৃষ্ণ পাইক।

Leave a Reply

Your email address will not be published. Required fields are marked *