নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত হলে অসমৰ পৰিস্থিতি হব ভয়ংকৰ:-ASSP

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ

07 জানুৱাৰী:

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত হলে অসমৰ পৰিস্থিতি হব ভয়ংকৰ:- প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিধেয়ক বিৰোধী শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথ জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদে

৭জানুৱাৰী: – সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটিৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ চলোৱা প্ৰস্তুতিক তীব্ৰ বিৰোধিতা কৰি, বিশ্বনাথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে। পৰিষদৰ অৰ্ধশতাধিক সদস্যৰ উপস্থিতিত বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত দিনৰ ১১বজাত সংগঠন টোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি বিধেয়ক খনৰ বিৰোধিতাৰে সংগঠনটোৱে নৰেন্দ্ৰ মোদী হায় হায়, সোনোৱাল চৰকাৰ হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক আদি শ্লগানৰ লগতে বিজেপি চৰকাৰক তীব্ৰ তুলা ধুনা দিয়ে। সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰে কয় যে, প্ৰয়োজন সাপক্ষে অসমীয়া জাতিৰ হকে প্ৰাণ বিসৰ্জন দিয়া হব তথাপিও জাতি ধ্বংসী বিল মানি লোৱা নহব। তেওঁ স্পষ্ট ভাষাৰে কয় যে অসমীয়া জাতিৰ আবেগ অনুভূতিৰ লগত খেলা নকৰি ৰাজ্যৰ অন্যান্য সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান কৰক।ইফালে সাধাৰণ সম্পাদক নাজিৰ আহমেদে সৰ্বানন্দ সোনোৱালক জাতীয় নায়ক নহয়, প্ৰকৃততে তেওঁ এজন অসমীয়া জাতিৰ খলনায়ক হে, বুলি উল্লেখ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে। লগতে সম্পাদক গৰাকীয়ে কয় যে, যদি এই বিধেয়ক খন গৃহীত হয় তেন্তে অসমৰ পৰস্থিতি ভয়ংকৰ হোৱাৰ দিশত অগ্ৰসৰ হব, অসমীয়াই নিজ গৃহতে নিজৰ স্বাভিমান হেৰুৱাৰ বেদনা সহ্য কৰিব নোৱাৰি শশ অসমীয়া যুৱকে পুনৰ আন্দোলনত জপিয়াই পৰিব, দেশ মাতৃক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত নিৰীহ অসমীয়াৰ তেজেৰে ৰাঙলী হৈ পৰিব আই মাতৃৰ চোতাল, বিদেশীয়ে অসমীয়াৰ তেজেৰে ফাকু খেলিব। এনে পৰিস্থিততিৰ সন্মুখীন হোৱাৰ আগতেই ৰাজ্য চৰকাৰক বিতৰ্কিত বিল খন প্ৰত্যাহাৰৰ দাবী জনায় সাধাৰণ সম্পাদক গৰাকীয়ে। জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আহমেদ আলি সাংবাদিকৰ আগত কয় যে, অসমৰ শ শ খিলঞ্জীয়া লোকে এতিয়াও বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, এই ক্ষেত্ৰত চৰকাৰ খনে গুৰুত্ব আৰোপ নকৰি বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য খনত হিন্দু বাংলাদেশীক সংস্থাপন দিব বিছৰাটো অতি দুৰ্ভাগ্যজনক কথা। এইয়া আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বাবে বৃহৎ ভোট বেংক বনোৱাৰ প্ৰস্তুতি বুলি উল্লেখ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে।

Leave a Reply

Your email address will not be published. Required fields are marked *