নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাইৰ নীলবাগানত নীলবাগান যুৱ সমাজৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত জোঁ‌ৰ সমদল।

নিউজ ডেস্ক ৰিপর্ট:

14 জানুৱাৰী:

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাইৰ নীলবাগানত নীলবাগান যুৱ সমাজৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত জোঁ‌ৰ সমদল। দেওবাৰে সন্ধিয়া নীলবাগান যুৱ সমাজে নাগৰিকত্ব বিধেয়ক বিৰোধী এক জোঁ‌ৰ সমদল উলিয়াই ৫৪নং ৰাষ্ট্ৰীয় গাই অৱৰোধ কৰি অসম চৰকাৰ মুৰ্দাবাদ,,
সৰ্বানন্দ সোনোৱাল গ`বেক, সাম্প্ৰদায়িক বিজেপি নিপাত যাওক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই প্ৰতিবাদী জোঁ‌ৰ সমদলত কৃষক মুক্তি সংগ্ৰাম সমিতি, এ জে ৱাই চি পি, ডি ৱাই এফ আই, নীলবাগান ক্ৰীড়া সন্থা,নিউ ষ্টাৰ ক্লাৱ আদি সংগঠনৰ কৰ্মী সকলকে ধৰি কেবা শতাধিক ৰাইজে অংশ গ্ৰহণ কৰি জাতি ধ্বংসী বিধেয়ক খনৰ তীব্ৰ বিৰোধীতা কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *