নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ বাতিলৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা,

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদনঃ

21 জানুৱাৰী:

বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলাৰ সমুহ আগছুৰ আঞ্চলিক সমিতি সহযোগত আজি২১ জানুৱাৰী তাৰিখে বিশ্বনাথ চাৰিআলিত জোৰদাৰ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰা হয়।ভাৰতীয় সংবিধানৰ মূল ভেটি দুটা ধৰ্ম নিৰপেক্ষতা আৰু গনতন্ত্ৰত পোনপটীয়াকৈ কুঠাৰাঘাত কৰা চৰকাৰৰ এই কাৰ্য্যৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰা হয়।
বিশ্বনাথ জিলা আগছুৰ সভাপতি দিলীপ গজুৰেলৰ নেতৃত্বত অনুষ্ঠিত কৰা প্রতিবাদী কার্যসুচীত নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্রতিমুর্তি দাহ কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে বিশ্বনাথ চহৰৰ মাজমজিয়াত ৰাষ্ট্রীয় ঘাইপথ আবদ্ধ কৰা হয়।
উক্ত প্ৰতিবাদী কাৰ্যসুচীত বিভিন্ন জাতীয় সংগঠনৰ কর্মীসকলৰ লগতে বিশ্বনাথ জিলাৰ প্রায় দুই শতাধিক আগছু কর্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *