নাগৰিকত্ব ( সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিলাসীপাৰাত জোৰ সমদল ।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপর্ট :

,১৬ নৱেম্বৰ:-

সদৌ অসম ছাত্ৰ সন্হা আৰু ২৮ জনগোষ্ঠীয় সংগঠনৰ আহবানত নাগৰিকত্বত (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদৰ সহযোগত আজি সন্ধিয়া ৬ বজাত বিলাসীপাৰাত জোৰ সমদল উলিওৱা হয়। বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্হা কাৰ্য্যলায়ৰ পৰা শ্বহীদ বেদী লৈ ২৮ খন জাতীয় সংগঠনে জোৰ সমদল উলিয়াই আহি জাতি ধ্বংসী আইন অচিৰেই বাতিল কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে। অন্যহাতে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে। সংগঠনৰ কৰ্মী সকলে নৰেন্দ্ৰ গ বেক, সৰ্বানন্দ সোনোৱাল গ বেক, বিজেপি চৰকাৰ গ বেক আদি শ্ল গানেৰে উত্তাল কৰি তোলে বিলাসীপাৰা চহৰত। এনে জোৰ সমদলত বিলাসীপাৰা চহৰত যান জোটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

Byte — বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্হাৰ সম্পাদক অবিনাশ শীল আৰু গৰিয়া মৰিয়া বিলাসীপাৰা জিলা সভাপতি

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *