নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত এখন প্ৰতিবাদী মঞ্চ গঠন

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন:

২১ জানুৱাৰী:-

ৰাজ্যজুৰি জাতি ধবংসী নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আন্দোলন চলি থকা সময়তে জাতি ধবংসী আইনৰ বিৰুদ্ধে আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত প্ৰবীন শিক্ষা বিধ আযুব উদ্দিন আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাতে বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত দল সংগঠনৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সংমিলিত এখন প্ৰতিবাদী মঞ্চ গঠন কৰা হয়। এই প্ৰতিবাদী মঞ্চ ই অহা ৩০ জানুৱাৰীত বিলাসীপাৰাত সকলো জাতীয় জনগোষ্ঠী দল সংগঠনে জাতি ধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উক্ত কাৰ্যসুচীত সকলো জনগোষ্ঠী দল সংগঠন ভাষা ভাষিক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে অংশ গ্ৰহণ কৰিবলৈ প্ৰতিবাদী মঞ্চ ই আহবান জনায়। উক্ত দিনাই এই প্ৰতিবাদী আন্দোলনৰ জৰিয়তেই জাতি ধবংসী নাগৰিকত্ব বিল বাতিল কৰাৰ বাবে ভাৰত চৰকাৰক বাধ্য কৰা হ’ব বুলি মঞ্চ ই জানিবলৈ দিয়ে। এই প্ৰতিবাদী মঞ্চৰ মাজত আছে বুদ্ধিজীৱি শিক্ষা বিধ আযুব উদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক ইউছুফ আলী আহমেদ, দেৱব্ৰত দাস (বাবলা), ওমেন্দ্ৰ নাথ, প্ৰবীন সাংবাদিক মোছলেম উদ্দিন আহমেদ, সঞ্জীত দাস, জীতেন শৰ্মা, সদানন্দ বৰকলিতাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে উপস্থিত থাকি প্ৰতিবাদী মঞ্চ খন গঠন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *