নায়েৰ আলগাত অগ্নি কাণ্ডত এটা পৰিয়ালৰ ঘৰবাৰী ভষ্মিভূত – সাহাৰ্য্যৰ দাবী ৰাইজৰ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন:

৭ জানুৱাৰী:-

ধুবুৰী জিলাৰ নায়েৰ আলগা উপ আৰক্ষী চকী ৰ অন্তৰ্গত নায়েৰ আলগা ৩য় খণ্ড (আকসেৰৰ খেওঁয়া ঘাট) গাওঁৰ আশাদ আলীৰ গৃহত যোৱা কালি সন্ধিয়া জুই লাগি ভষ্মিভূত হয়। ঘটনা বিৱৰণী মতে আশাদ আলীৰ সৰু পুত্রই কালি সন্ধিয়া ঘৰৰ ছোলাৰ লাইট জ্বলাই দিয়াৰ বাবে জুই লগোৱা বাতি লৈ ছোলাৰৰ বেটাৰি জয়েন্ট দিবলৈ লোৱাত হঠাৎ জুই লাগি যায়। জুই ক্রৰ্মানয়ে বৃদ্ধি হোৱাত ওচৰে পাজৰে মানুহে লৰা লৰি কৈ আহে যদিও মানুহে জুইৰ কাষত চাপিব নোৱাৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত দুখন গৃহ সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয়। অগ্নি কাণ্ড সংঘটিত হোৱা পৰিয়ালটোৰ দুটা টিনৰ গৃহ কে ধৰি নগদ ১১ হাজাৰ টকা যাবতীয় নথি-পত্ৰ লগতে প্ৰায় তিনি লাখতকৈ অধিক সা- সম্পত্তি সম্পুৰ্ণ ৰূপে ভষ্মিভূত হয়। উক্ত অগ্নি কাণ্ডত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালটোক সাহাৰ্য্য দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ৰাইজে। ইতিমধ্যে এনে অগ্নি কাণ্ডৰ খবৰ পাই নায়েৰ আলগা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি বানিজ আলী খানে পৰিয়ালটোৰ মাজত কিছু কাপোৰ কানি বিতৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *