নায়েৰ আলগাত শ্বেখ আবুল হাশেম ,পাণবাড়ীত ৰেহেনা পাৰ্বিন জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব দিলে 80% ভোটা লাভ কৰিব বুলি নিশ্চিত, ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট:

11 নভেম্বৰ :

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ আলগা জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰত্যাশী প্ৰাৰ্থিত্ব শ্বেখ আবুল হাশেম, আবুশামা শ্বেখ, মনোৱাৰ হোসেন, ফৰিদা ইয়াছমিনে নায়েৰ আলগা জিলা পৰিষদ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আবেদন কৰিছে যদিও জিলা পৰিষদ সমষ্টিটোৰ চুকে- কুনে এইবেলি শ্বেখ আবুল হাশেমৰ নাম প্ৰথম স্থানত ৰাইজৰ মাজত চৰ্চালৈ আহিছে।মনকৰিবলগীয়া কথা যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত নায়েৰ আলগা জিলা পৰিষদ সমষ্টিত জনপ্ৰিয় নেতা শ্বেখ আবুল হাশেমক কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে 80% ভোট লাভ কৰিব বুলি নিশ্চিত ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে। ইফালে পাণবাড়ী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰত্যাশী প্ৰাৰ্থিত্ব ৰেহেনা পাৰ্বিন,আলেয়া খাননে আবেদন কৰে যদিও ৰেহেনা পাৰ্বিনৰ নামটো ৰাইজৰ মাজত চৰ্চালৈ আহিছে। মনকৰিবলগীয়া কথা যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত পাণবাড়ী জিলা পৰিষদ সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা ৰেহেনা পাৰ্বিনক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে 80% ভোট লাভ কৰিব বুলি নিশ্চিত ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *