নায়েৰ আলগা উন্নয়ন খণ্ডত ৭০ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন

বিলাসীপাৰাৰ জহিৰুল ইছলামৰ প্রতিবেদনঃ

২৬ জানুৱাৰী:-

৭০ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ড কাৰ্য়্যালয়ত আজি ৰাতিপুৱা ৭.৩০ বজাত খণ্ড উন্নয়ন বিষয়া ৰৌসন আলী ডাঙৰীয়াই আনুষ্ঠানিক ভাবে পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি বিষয়া গৰাকীয়ে ভাৰতীয় জাতীয় পতাকা সন্মান জনাই সমবেত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে। উক্ত কাৰ্যসুচীত কাৰ্য়্যালয় খনৰ সকলো কৰ্মচাৰীৰ লগতে উন্নয়ন খণ্ডটোৰ প্ৰাক্তন সভাপতি সাহানুৰ ৰহমান,প্ৰাক্তন উপ- সভানেত্রীৰ স্বামী সফিকুল ইছলাম,প্ৰাক্তন কাউন্সিলাৰ জাকিৰ হুছাইনে অংশ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *