নৱগঠিত বিশ্বনাথ জিলা আমছুৰ শপত গ্ৰহণ অনুষ্ঠানৰ সফল সামৰণি

বিশ্বনাথৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন:

১৬জানুৱাৰী: –

আজি বিশ্বনাথ জিলা সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি আমিল হকৰ সভাপতিত্বত বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত, সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ফকীৰ আলিয়ে।এই শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমছুৰ প্ৰাক্তন বিষয়-ববীয়া সকলে উপস্থিত থাকি গঠনমূলক পৰামৰ্শৰ জৰিয়তে আগন্তুক দিনত সংখ্যালঘূ জনগোষ্ঠীৰ লগতে সামগ্ৰীক ভাৱে সকলো জনগোষ্ঠীৰ হকে কাম কৰি যাবলৈ আহবান জনায়। ইফালে বিশ্বনাথ জিলা আমছুৰ নৱগঠিত সমিতিক শপত বাক্য পাঠ কৰোৱাই আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদে। আজিৰ সভাত উপস্থিত থাকে বিশ্বনাথ জিলা আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আশ্ৰফ আলি ,প্ৰাক্তন সভাপতি আবিদুৰ ৰহমান, জেহিৰুল ইছলাম প্ৰিঞ্চ, সহকাৰী সাধাৰণ সম্পাদক কুদ্দুছ আলি সৰকাৰ, প্ৰচাৰ সম্পাদক আলি আহমেদ, বিশ্বনাথ জিলা আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আজেন আলি , আমিন হুছেইন, আমছুৰ বাঘমাৰী আঞ্চলিকৰ প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক ক্ৰমে নুৰ হুছেইন, ৱাহেদ আলি , সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদকে ধৰি বিশ্বনাথ জিলা সমিতিৰ সমুহ বিষয়-ববীয়া আৰু বিভিন্ন আঞ্চলিক সমিতিৰ পৰা অহা প্ৰায় শতাধিক আমছুৰ সদস্য উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *