নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী(সাজু)ৰ পৰিপ্ৰেক্ষিতত বিধায়ক পুঁজি ধনৰে পকী ৰাস্তাৰ সপোন দেখিব কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ অঞ্চলবাসী ৰাইজে ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট :

28 ফেব্ৰুৱাৰী:

ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ কঠালদি 2য় খণ্ড (গোৱালেৰ চৰ) তিনি আলি পকী ৰাস্তাৰ পৰা গোৱালেৰ চৰ পাৰ ঘাটলৈ যোৱা ৰাস্তাটোত দীৰ্ঘ দিনৰ পৰা প্ৰত্যেক বছৰতে- বছৰতে বানপানীয়ে প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হৈছিল যদিও পঞ্চায়ত প্ৰতিনিধি দ্বয়ে উক্ত ৰাস্তাটো বছৰত এবাৰ নহয় দুবাৰকৈ স্কীম ধৰি খেতিয়কৰ দৰে কাম কৰিছিল।মনকৰিবলগীয়া কথা যে এ আই ইউ ডি এফ দলৰ পৰা নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী (সাজু)য়ে এম জি এন ৰেখা আঁচনিৰ বিধায়ক পুজিঁৰ ধনৰে ৰাজনীতি নহয় জননীতিৰ আদৰ্শ পালন কৰি নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী( সাজু) য়ে
উক্ত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ অনবৰত বিধস্ত থকা ৰাস্তাটো আজিৰ দিনত পকী ৰাস্তা বনোৱাৰ বাবে মাটিৰ কাম-কাজ কৰি আছে । মুঠতে প্ৰশ্ন হল যে নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী (সাজু)ৰ পৰিপ্ৰেক্ষিতত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ অঞ্চলবাসীয়ে পকী ৰাস্তাৰ সপোন দেখিব।

Leave a Reply

Your email address will not be published. Required fields are marked *