পাকিস্তান মুৰ্দাবাদ ভাৰত মাতা কি জয় ধ্বনিৰে কালাপানীত বিজেপিৰ উত্তাল প্ৰতিবাদঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

১৮ ফেব্ৰুৱাৰী ঃ-

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানীত জেষ্ঠ্য বিজেপি নেতা জাহানগীৰ আলম মণ্ডলৰ নেতৃত্বত যোৱা ১৪ ফেব্ৰৱাৰীত জম্মুৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত হোৱা ৪৪ জন বীৰ শ্বহীদ জোৱানৰ হত্যাৰ প্ৰতিবাদত এখন প্ৰতিবাদী সমদল উলিয়ায় । বিজেপি কৰ্মীসকলে ভাৰত মাতা কি জয়, পাকিস্হান মূৰ্দাবাদ, হিন্দুস্হান জিন্দাবাদ,আদি শ্লোগানেৰে আকাশ কপাই তোলে । প্রতিবাদীসকলে হাতত বন্তি আৰু ত্রিৰংগা লৈ প্রতিবাদ সাব্যস্ত কৰে। পাকিস্হানৰ এনে গৃণনীয় কাৰ্যক কালাপানীৰ সচেতন মহল আৰু শ শ বি.জে.পি কৰ্মীয়ে ধিক্কাৰ দিয়ে আৰু ইয়াৰ বাবে চৰকাৰক অতি সোনকালে বিহিত ব্যৱস্হা লবলৈ অনুৰোধ জনায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *